চণ্ডীগড়ৰ এখন চি বি আই আদালতে হিমাচল প্ৰদেশৰ ছিমলা জিলাত ২০১৭ চনত সংঘটিত কোটখই ধর্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সুৰজৰ আৰক্ষীৰ জিম্মাত হোৱা হত্যাৰ বাবে আৰক্ষী মহাপৰিদৰ্শক জহুৰ হাইদ জেইদি আৰু অন্য ৮ জন আৰক্ষী কৰ্মীক দোষী সাব্যস্ত কৰিছে। ২৭ জানুৱাৰীত এই গোচৰৰ শাস্তি ঘোষণা কৰা হ’ব। দোষী সাব্যস্ত কৰাৰ পাছতে আৰক্ষী মহাপৰিদৰ্শক জেইদি আৰু আৰক্ষী কর্মীকেইজনক জিম্মাত লোৱা হৈছে। অৱশ্যে সাক্ষ্য প্ৰমাণৰ অভাৱত এই গোচৰত অভিযুক্ত সেই সময়ৰ আৰক্ষী অধীক্ষক ডি ডব্লিউ নেগীক দোষমুক্ত ঘোষণা কৰা হৈছে। গুড়িয়া হত্যাকাণ্ডৰ ১৪ দিন পাছত কোটখই আৰক্ষী চকীৰ লকআপত অভিযুক্ত সুৰজক হত্যা কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মর্মে চণ্ডীগড়ৰ চি বি আই আদালতত এই গোচৰৰ বিচাৰ চলোৱা হৈছে।
Assamese | January 19, 2025 12:17 PM | himachal police chandigarh cbi court
হিমাচল প্ৰদেশত ধৰ্ষণত অভিযুক্তৰ আৰক্ষীৰ জিম্মাত হত্যা গোচৰত আৰক্ষী মহাপৰিদৰ্শক, ৮জন আৰক্ষী কৰ্মীক দোষী সাব্যস্ত