নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰিছে। সংগঠনটোৱে অভিযোগ কৰা মতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকে চৰকাৰী ভূমি দখল কৰিলে সেয়া চৰকাৰে অবৈধ দখল হিচাপে গণ্য নকৰে বুলি মন্তব্য আগবঢ়াইছিল। মুখ্যমন্ত্ৰীৰ এই বক্তব্য বিভিন্ন মাধ্যমত যোৱা ২ আগষ্টত প্ৰকাশ পোৱাৰ পাছতো খিলঞ্জীয়া মুছলমান সম্প্রদায়ক লক্ষ্য হিচাপে লৈ চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰাত সংগঠনটোৱে উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি এই আবেদন দাখিল কৰিছিল। ন্যায়ালয়ে সকলো পক্ষৰ যুক্তি শুনি এই কথা স্পষ্ট কৰি দিয়ে যে ধৰ্মৰ ভিত্তিত কোনো লোকে সুৰক্ষা নাপায় আৰু আইন সকলোৰে ক্ষেত্ৰত সমানে প্রযোজ্য। অসম বন অধিনিয়ম, ১৮৯১ উলংঘা কৰি বনভূমি দখল কৰা যিকোনো ধৰ্মৰ লোকৰ বিৰুদ্ধে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি ন্যায়ালয়ে প্ৰকাশ কৰে।
Assamese | October 7, 2025 6:32 PM | Guwahati High Court
নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰদান