ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে কালি ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আয়োজন কৰা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে ৰাজ্যপাল ওম প্ৰকাশ মাথুৰসহ সকলো অংশগ্ৰহণকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে দেশৰ ‘আজাদী কা অমৃত মহোৎসৱ’ আৰু ছিকিমৰ সোণালী জয়ন্তী উদযাপনৰ অংশ হিচাপে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীৰ লক্ষ্য হৈছে নাগৰিক আৰু ৰাষ্ট্ৰীয় পতাকাৰ মাজত আৱেগিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে দেশপ্ৰেমক অধিক শক্তিশালী কৰা। তেওঁ কয় যে সংবিধানে অধিকাৰ আৰু কৰ্তব্যৰ কথা সোবৰাই। তেওঁ জনসাধাৰণক ৰাষ্ট্ৰীয় দিৱসসমূহ গৌৰৱৰ ক্ষণ হিচাপে উদযাপন কৰিবলৈ আহ্বান জনায়।
Assamese | August 13, 2025 12:21 PM | Har Ghar Tiranga
ছিকিমত প্ৰেম সিং তামাঙৰ নেতৃত্বত ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ কাৰ্যসূচী