হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান অহা ২ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে পুৱা পতাকা উত্তোলন কৰিব। বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত বংকিম চন্দ্ৰ শৰ্মাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হ’ব। কাৰ্যসূচীৰ অংশ হিচাপে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু দিনৰ এক বজাত শুভাৰম্ভণি সভা অনুষ্ঠিত হ’ব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ডº ননীগোপাল মহন্ত উপস্থিত থাকিব। সন্ধিয়াৰ ভাগলৈ বিদ্যালয় চৌহদত বন্তি প্ৰজ্বলন কৰা হ’ব।
Assamese | October 25, 2024 7:44 PM | Hajo
অহা ২ নৱেম্বৰত দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান