ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়ত যোগান ধৰা ইউনিফৰ্মৰ বিশেষ পৰীক্ষণ আৰম্ভ হৈছে। হাইলাকান্দি জিলাতো আজিৰে পৰা ইউনিফর্ম যোগান প্রক্রিয়া দুর্নীতিমুক্ত কৰাৰ বাবে শিক্ষা বিভাগে বিশেষ পৰীক্ষণৰ ব্যৱস্থা কৰিছে। ইউনিফৰ্মত থকা পলিষ্টাৰ সূতাৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ ছালফিউৰিক এচিডৰ ব্যৱহাৰেৰে এই পৰীক্ষাসমূহ চলোৱা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে। নিৰ্ধাৰিত পৰিমাণতকৈ বেছি পলিষ্টাৰ থাকিলে সেই ইউনিফর্ম বাতিল কৰিবলৈ শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ এহেজাৰ ২৫৭ খন বিদ্যালয়ত প্ৰদান কৰা ইউনিফৰ্মৰ এইদৰে মান পৰীক্ষা কৰা হ’ব।
Assamese | February 22, 2025 7:05 PM | hailakandi school uniform
হাইলাকান্দিত বিদ্যালয়সমূহত যোগান ধৰা ইউনিফর্মৰ বিশেষ পৰীক্ষণৰ বাবে শিক্ষা বিভাগৰ ব্যৱস্থা গ্ৰহণ