August 6, 2024 1:42 PM | Guwahati rain

printer

কালি বিয়লি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ জনজীৱন প্ৰায় স্তব্ধ

গুৱাহাটীত কালি বিয়লি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীখনত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। প্রায় দুঘণ্টাৰ বৰষুণত মহানগৰীৰ জনজীৱন প্ৰায় স্তব্ধ হৈ পৰে। বিভিন্ন অঞ্চল একাঁঠুৰ পৰা এবুকু পর্যন্ত বানত বুৰ যোৱাত জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। মূল পথৰ উপৰি অধিকাংশ উপপথ, দোকান-পোহাৰ, বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, আবাসগৃহ পানীত বুৰ যায়। যাৰবাবে মহানগৰীৰ অধিকাংশ স্থানত তীব্র যানজটৰ সৃষ্টি হয়। নিশা বহু দেৰিলৈকে বিভিন্ন স্থানত আবদ্ধ হৈ থাকিব লগীয়া হয় জনসাধাৰণ। বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক, বিভিন্ন অফিচ-কাছাৰী, ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী, পথিক ঘণ্টাৰ পাছত ঘণ্টা আবদ্ধ হৈ থাকিবলগীয়া হয়। কালি বৰষুণৰ ফলত মহানগৰীৰ ন ন অঞ্চলো প্লাৱিত হৈ পৰে। আজি পুৱা পৰ্যন্ত বিভিন্ন স্থানত পানীত আৱদ্ধ হৈ থকাত জনসাধাৰণ আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হ‘বলগীয়া হৈছে। হঠাতে হোৱা বানৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ এলেকাসমূহত আজি মহাবিদ্যালয় আৰু ক‘চিং চেণ্টাৰসমূহকে ধৰি সকলো শৈক্ষিক প্রতিষ্ঠান বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।