গুৱাহাটী ৰে‘ল সুৰক্ষা বাহিনীয়ে যোৱা বছৰটোত অভিযান চলাই ৫২টি শিশুক সৰবৰাহকাৰীৰ কবলৰ পৰা ৰক্ষা কৰাৰ উপৰি তেওঁলোকক অভিভাৱক নাইবা স্বেচ্ছাসেৱী সংস্থাক গতাই দিছে। উত্তৰ-পূব সীমান্ত ৰে‘লৱেৰ সূত্ৰই এই বিষয়ে প্ৰকাশ কৰে। যোৱা বছৰটোত বাহিনীটোৱে আঢ়ৈ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্ৰৱ্য ৰেল ষ্টেচন পৰিসৰ আৰু ৰে‘লৰ পৰা উদ্ধাৰ কৰাৰ লগতে মাদক দ্ৰৱ্য সৰবৰাহৰ অভিযোগত ২৪ জন লোকক গ্ৰেপ্তাৰ কৰে। বিগত বছৰটোত বাহিনীটোৱে ৰে‘ল যাত্ৰীৰ সা-সামগ্ৰী চুৰি সন্দৰ্ভত ৰুজু কৰা ৭৩টা গোচৰৰ অনুসন্ধান চলাই ১২ লাখ ৪৭ হাজাৰ টকা মূল্যৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে। এই সংক্ৰান্তত মুঠ ৭৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
Assamese | January 29, 2025 12:51 PM | guwahati railway
গুৱাহাটী ৰে’ল সুৰক্ষা বাহিনীৰ অভিযানত ৫২টি শিশুক উদ্ধাৰ