আধুনিক অসমীয়া সংগীতক অনন্য মাত্ৰা প্ৰদান কৰা প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত গ্রামোফোন ৰেকৰ্ডত বাণীবদ্ধ হোৱা প্ৰথম অসমীয়া গীতৰ শতবার্ষিকী অনুষ্ঠান আজি বিয়লি গুৱাহাটীৰ দীঘলীপুখুৰীপাৰৰ অসম সাহিত্য সভাৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’ব। শ্রীশ্রীআউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। শতবার্ষিকী উপলক্ষে বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামীয়ে মূল ভাষণ দিয়াৰ লগতে সাহিত্য আৰু সংগীত ক্ষেত্ৰৰ বিভিন্ন বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত তেওঁলোকৰ অনুভৱ ব্যক্ত কৰিব। উদ্বোধনী অনুষ্ঠানত প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ গীত পৰিৱেশনৰ লগতে গ্রামোফোন ৰেকৰ্ড আৰু ৰেকৰ্ডৰ কপি প্ৰদৰ্শন কৰা হ’ব ।
Assamese | September 27, 2024 1:26 PM | guwahati prafulla baruah song
গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত আজি প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত গ্রামোফোন ৰেকৰ্ডত বাণীবদ্ধ হোৱা প্ৰথম অসমীয়া গীতৰ শতবার্ষিকী অনুষ্ঠান