গুৱাহাটীত আজিৰে পৰা উত্তৰ-পূব দিব্যাংগ ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত হৈছে। ভাৰতীয় পেৰালিম্পিক সমিতিৰ অধীনত আৰু অসম পেৰালিম্পিক সংস্থাৰ সহযোগত আয়োজিত এই প্রতিযোগিতা অহা ২৯ নৱেম্বৰলৈ চলিব। আজি মন্ত্রী পীযুষ হাজৰিকাই এই ক্রীড়া প্রতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি কৰে। ক্রীড়া প্রতিযোগিতা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ ছখন ৰাজ্যৰ চাৰে ৫০০ৰো অধিক প্ৰতিযোগীয়ে অংশ লোৱা এই কাৰ্যসূচীৰ সফলতা কামনা কৰে। উল্লেখযোগ্য যে প্রতিযোগিতাৰ খেলসমূহ কাইলৈ পুৱা ৮ বজাত আৰম্ভ হ’ব। এই সমাৰোহত এথলেটিকছ, সাঁতোৰ, বেডমিণ্টন আৰু টেবুল টেনিছ অনুষ্ঠিত হ’ব। এথলেটিকছত ১০০ মিটাৰ, ১৫০০ মিটাৰ দৌৰৰ লগতে শ্বটপুট, ডিছকাছ থ্র’ আৰু লংজাম্প অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, সাঁতোৰত ৫০ মিটাৰ আৰু ১০০ মিটাৰ ফ্ৰীষ্টাইল, ৫০ মিটাৰ আৰু ১০০ মিটাৰ বেকষ্ট্ৰোকৰ লগতে ৫০ আৰু ১০০ মিটাৰ ব্ৰেষ্টষ্ট্রোক অন্তৰ্ভুক্ত কৰা হৈছে। ১০০ মিটাৰ বাটাৰ ফ্লাই আৰু 4×100 মিটাৰ ফ্ৰী ষ্টাইল ৰীলেও এই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈছে।
Assamese | November 27, 2024 9:01 PM | guwahati ne paralimpic pijush hazarika
গুবাহাটীত উত্তৰ-পূব দিব্যাংগ ক্রীড়া প্রতিযোগিতা; মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই