১৯৬৪ চনৰ বিদেশী ন্যায়াধিকৰণ আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন শুনানি গ্ৰহণ কৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত অহা ৩ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰা আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এই নির্দেশ দিয়ে। আবেদনকাৰী শ্ৰীবৰুৱাই ১৯৬৪ চনৰ বিদেশী ন্যায়াধিকৰণ আইনৰ পৰিৱৰ্তে ১৯৫০ চনৰ বিদেশী অনুপ্ৰবেশকাৰী অসমৰ পৰা বহিষ্কাৰ আইনৰ জৰিয়তে বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছিল।
Assamese | September 18, 2025 7:56 PM | Guwahati High Court
১৯৬৪ চনৰ বিদেশী ন্যায়াধিকৰণ আইন সন্দৰ্ভত ৩ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ