ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা লটাৰী খেলসমূহৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ্জৰিত আবেদন দাখিল কৰা হৈছে। ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু ৩৪ খন জিলাৰ আয়ুক্তলৈ জাননী জাৰি কৰিছে। ডেৰ মাহৰ ভিতৰত এই সন্দৰ্ভত সংশ্লিষ্ট কেউটা পক্ষই শপতনামা দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে যোৰহাটৰ ৰূপম বৰবৰা নামৰ এজন সচেতন ব্যক্তিয়ে ৰাজ্যত অনলাইন আৰু অফলাইন যোগে চলি থকা লটাৰী খেলসমূহ বন্ধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আবেদন তেওঁ উল্লেখ কৰে যে এই লটাৰী খেলসমূহ লটাৰী নিয়ন্ত্রণ আইন ১৯৯৮ আৰু লটাৰী নিয়ন্ত্ৰণ বিধি ২০১০ অনুসৰি অবৈধ। সেয়ে চৰকাৰক শীঘ্ৰে লটাৰী খেলসমূহ বন্ধ কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিব লাগে ।
Assamese | May 31, 2024 12:36 PM | Guwahati High Court
ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা লটাৰী খেলসমূহৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন দাখিল