গুৱাহাটী উচ্চ ন্যায়ালয়ে দক্ষিণ কামৰূপ অঞ্চলৰ পলাশবাৰীত একাংশ উদ্যোগী আৰু ব্যৱসায়ীয়ে অবৈধভাৱে চলোৱা নিৰ্মাণ কাৰ্যৰ ফলত নলা-নৰ্দমা বন্ধ হৈ সৃষ্টি হোৱা কৃত্রিম বান সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে কৃত্রিম বানৰ ঘটনাৰ তদন্তৰ বাবে অঞ্জন কলিতাক নিযুক্তি দিছে। আদালতৰ নিৰ্দেশ অনুসৰি তেওঁ অঞ্চলটোত সৃষ্টি হোৱা কৃত্রিম বানৰ সমস্যা সন্দৰ্ভত ক্ষেত্রভিত্তিক অনুসন্ধান চলাব। অনুসন্ধান চলোৱাৰ লগতে সকলো পক্ষৰ মতামত গ্রহণ কৰি প্রতিবেদন দাখিল কৰিবলৈ শ্ৰীকলিতাক নিৰ্দেশ দিয়া হৈছে। উচ্চ ন্যায়ালয়ে অর্পণ কৰা দায়িত্ব তেওঁ যাতে সুচাৰুৰূপে সম্পাদন কৰিব পাৰ তাৰ বাবে স্থানীয় প্রশাসন আৰু আৰক্ষীক সহায় কৰিবলৈও নির্দেশনাত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে পলাশবাৰী অঞ্চলত সৃষ্টি হোৱা কৃত্রিম বানৰ সমস্যাৰ ক্ষেত্ৰত হস্তক্ষেপ বিচাৰি ৯জন স্থানীয় লোকে উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল।
Assamese | September 9, 2024 7:02 PM | Guwahati High Court
পলাশবাৰীত সৃষ্টি হোৱা কৃত্রিম বানৰ তদন্তৰ বাবে অঞ্জন কলিতাক নিযুক্তি উচ্চ ন্যায়ালয়ৰ