গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা ৩৫ হাজাৰ ১৩৩টা শিক্ষক পদৰ বিজ্ঞাপনত আজি অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছে। লগতে ন্যায়ালয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চৰকাৰী পক্ষক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে চাৰি সপ্তাহৰ সময় দিছে। উল্লেখযোগ্য যে সমগ্ৰ শিক্ষাৰ অধীনৰ ষ্টেটপুল আৰু ঠিকা ভিত্তিক শিক্ষকসকলক চাকৰি নিয়মীয়াকৰণ সুযোগ দি প্রথামিক শিক্ষা সঞ্চালকালয়ে যোৱা ৬ আগষ্টৰ পৰা এই পদকেইটাৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। কিন্তু বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে শিক্ষা বিভাগে নিযুক্তিৰ বিজ্ঞাপনত কেতবোৰ চৰ্ত আৰোপ কৰাকলৈ টেট শিক্ষকসকলে পৃথকে পৃথকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইয়াৰ ভিত্ততে উচ্চ ন্যায়ালয়ে শিক্ষক পদৰ বিজ্ঞাপনত স্থগিতাদেশ জাৰি কৰে।
Assamese | August 12, 2024 7:31 PM | Guwahati High Court
৩৫,১৩৩ টা শিক্ষক পদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি