গুৱাহাটী উচ্চ ন্যায়ালয়ে আয় বর্হিভূত সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক ৰৌনক আলী হাজৰিকাৰ এখন আবেদন আজি নাকচ কৰে। বৈধ আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই অভিযুক্ত হাজৰিকাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সকলো পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ অন্তত উচ্চ ন্যায়ালয়ে আবেদনখন খাৰিজ কৰে।
Assamese | June 3, 2024 7:58 PM | Guwahati High Court
ৰৌনক আলী হাজৰিকাৰ আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ