গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীখনত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ফেৰীঘাটসমূহ কালি পানীত বুৰ যায়। ফাঁচী বজাৰত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু কালীপুৰৰ চক্ৰেশ্বৰ মন্দিৰৰ লক্ষ্মী-নাৰায়ণৰ মূৰ্তিৰ ভালেখিনি অংশও বাঢ়নী পানীয়ে ঢাকি ধৰিছে। আনহাতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহন বিভাগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীবাহী ফেৰী সেৱা কালিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে বাতিল কৰিছে।
Assamese | July 3, 2024 12:59 PM | Guwahati flood
গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীবাহী ফেৰী সেৱা অনিৰ্দিষ্ট কালৰ বাবে বাতিল