পাণবজাৰ আৰক্ষীয়ে আজি গুৱাহাটীৰ ৰে’ল ষ্টেচনত শিলচৰ-কইম্বাটুৰ এক্সপ্ৰেছৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৰে’লগাড়ীখনত অভিযান চলাই পাৰবিনা খাতুন বিবি নামৰ মহিলা এগৰাকীৰ পৰা ২০ হাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
Assamese | May 7, 2025 8:11 PM | GUWAHATI DRUGS SEIZED
গুৱাহাটী ৰে’ল ষ্টেচনত ২০ হাজাৰ নিচাযুক্ত টেবলেটসহ এগৰাকী মহিলাক আটক