গুৱাহাটী মহানগৰৰ পূব প্ৰান্তত অৱস্থিত পুৰণি উচ্চ শিক্ষানুষ্ঠান গুৱাহাটী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ আজি দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰণৱ শাণ্ডিল্য আৰু পৰিচালনা সমিতিৰ সভাপতি ড০ ইন্দ্ৰকুমাৰ ভট্টাচাৰ্যই আৰম্ভ কৰা দিনটোৰ কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা মুকলি সভাত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত এভাৰেষ্ট বিজয়ী পৰ্বতাৰোহী তৰুণ শইকীয়াকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Assamese | August 3, 2024 6:47 PM | guwahati college diamond jubilee
গুৱাহাটী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি