ব্ৰহ্মপুত্ৰৰ চূণচালি ঘাটত গা ধুবলৈ গৈ কালি মহানগৰীৰ তিনিটিকৈ কিশোৰৰ সলিল সমাধি ঘটে। ৰাজ্যিক দূৰ্যোগ প্রশমন বাহিনীৰ জোৱানে উদ্ধাৰ অভিযান চলাই দেৱজিৎ ভূঞা আৰু কুকিল দাস নামৰ কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সমৰ্থ হয় যদিও বাতৰি লিখাৰ পৰলৈ ৰাহুল দাস নামৰ কিশোৰ জনৰ মৃতদেহৰ সন্ধান উলিয়াব পৰা নাই। মৃত ৰাহুল দাসৰ সন্ধানত ৰাজ্যিক দুৰ্যোগ প্রশমন বাহিনীৰ জোৱানে আজিও ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ অভিযান চলাব বুলি জানিব পৰা হৈছে।
Assamese | April 6, 2024 12:31 PM | guwahati boy death
গুৱাহাটীৰ চূণচালি ঘাটত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ তিনিটি কিশোৰৰ সলিল সমাধি