অর্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে কাইলৈ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ’ব। এই দিৱসৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি কালি ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত এখন সংবাদমেলত আয়োজক সংস্থাৰ অধ্যক্ষ বলেন্দ্র মোহন চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰে। এই অনুসৰি দিৱসৰ মূল কাৰ্যসূচী – সামুহিক দৌৰ এইবাৰ সৰুসজাই ক্রীড়া প্ৰকল্পত আৰম্ভ হৈ ভেটাপাৰা হকী ষ্টেডিয়াম পৰিভ্ৰমণ কৰি পুনৰ সৰুসজাইৰ মূল এথলেটিক ষ্টেডিয়ামত সামৰণি পৰিব। এই কাৰ্যসূচীত কেইবাগৰাকীও যশস্বী ক্রীড়াবিদ উপস্থিত থাকিব বুলি সংবাদমেলত প্ৰকাশ কৰা হয়।
Assamese | September 2, 2025 1:33 PM | guwahati abhiruchi
গুৱাহাটীত কাইলৈ কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন