কেন্দ্ৰীয় মন্ত্রীসভাই গুৱাহাটীত ইণ্ডিয়ান ইন্ষ্টিটিউট অব্ মেনেজমেণ্ট অর্থাৎ আই আই এম স্থাপনৰ বাবে কালি অনুমোদন জনায়। এই প্রতিষ্ঠানটো উত্তৰ-পূবৰ দ্বিতীয় আৰু দেশৰ ২২ সংখ্যক আই আই এম হিচাপে পৰিগণিত হ’ব। ইয়াৰ আগেয়ে শ্বিলঙত ২০০৭ চনত আই আই এম প্ৰতিষ্ঠা কৰা হৈছিল। এই প্রতিষ্ঠানটো নিৰ্মাণত ৫০০ কোটি টকাৰো অধিক ধন ব্যয় কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে। এই পদক্ষেপে গুৱাহাটীত উত্তৰ-পূবৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে । ইতিমধ্যে মহানগৰীখনত আই আই টি, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী থকাৰ লগতে চাংসাৰিত এইম্ছ প্রতিষ্ঠা কৰা হৈছে। নতুনকৈ প্ৰতিষ্ঠা কৰিবলগীয়া আই আই এমে উত্তৰ-পূৰ্বাঞ্চলত ব্যৱস্থাপনা শিক্ষাৰ দিশত থকা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা কৰা হৈছে। প্ৰতিষ্ঠানটোৱে উচ্চমানৰ শিক্ষা আৰু গৱেষণাৰ সুবিধাৰে শিক্ষাৰ্থীসকলক উপকৃত কৰাৰ লগতে উদ্যমিতা আৰু সামৰ্থ বৰ্ধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও আশা কৰা হৈছে।
Assamese | August 13, 2025 12:45 PM | guwaqhati | iim
গুৱাহাটীত আই আই এম স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন