গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ তিনিওটা ফেৰী ঘাটৰ সন্ধিয়াৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি আৰু কোবাল সোঁতৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আভ্যন্তৰীণ জল পৰিবহন বিভাগে সদৰি কৰিছে। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই সিদ্ধান্ত পৰৱৰ্তী নির্দেশনা নিদিয়া পর্যন্ত বাহাল থাকিব বুলি জানিবলৈ দিয়া হৈছে। যাত্ৰীসকলৰ অসুবিধা দূৰ কৰিবলৈ বিকল্প বাছ সেৱাৰ ব্যৱস্থা কৰিবলৈ কামৰূপ জিলা প্ৰশাসনে নির্দেশ দিছে।
Assamese | June 27, 2025 12:29 PM | guwahati fariy service
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ তিনিওটা ফেৰী ঘাটৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ