বাংগালুৰুৰ ইকম চায়েন্স কনচাল্টিটং প্রাইভেট লিমিটেড নামৰ এটা কোম্পানী গোলাঘাটৰ গুণাৰাম খনিকৰ বনৌষধী উদ্যান আৰু সংগ্ৰাহালয়ৰ পুনৰুজ্জীৱিতকৰণৰ বাবে আগবাঢ়ি আহিছে। ইয়াৰ বাবে কালি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ বিজ্ঞানীসহ এটা বিশেষ দল গোলাঘাটত উপস্থিত হয়। বিশেষজ্ঞ দলটোৱে প্রথমে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত বাৰুকিয়ালক সাক্ষাৎ কৰে আৰু মহাবিদ্যালয়খনত এখন সভা অনুষ্ঠিত কৰি উদ্যানখন কিদৰে পুনৰুজ্জীৱিত কৰি তুলিব পাৰি তাৰ ৰূপৰেখা প্ৰস্তুত কৰে। এই সন্দৰ্ভত শীঘ্ৰেই দেৱৰাজ ৰয় মহাবিদ্যালয়ত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র অনুষ্ঠিত হয়। গুণাৰাম খনিকৰৰ মৃত্যুৰ পাছত এসময়ৰ বহুতৰে আকৰ্ষণৰ কেন্দ্ৰ এই ঔষধী গছৰ উদ্যান আৰু সংগ্ৰহালয় প্রায় ৮ বছৰ ধৰি অৱহেলিত হৈ পৰি থকাৰ ফলত এৰাবাৰী সদৃশ হৈ পৰিছে।
Assamese | January 3, 2025 12:46 PM | gularam khanikor
গুণাৰাম খনিকৰৰ বনৌষধী উদ্যান আৰু সংগ্ৰাহালয়ৰ পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা বাংগালুৰুৰ ইকম চায়েন্স কনচাল্টিটং প্রাইভেট লিমিটেডৰ