ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাটৰ পোৰবন্দৰত এটা যুটীয়া অভিযানত এখন পাকিস্তানী নাৱৰ পৰা ৬০০ কোটি টকা মূল্যৰ ৮৬ কিলোগ্রাম মাদক দ্রব্য জব্দ কৰাৰ লগতে ১৪জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতীয় উপকূলৰক্ষী বাহিনী, গুজৰাট সন্ত্ৰাসবাদ বিৰোধী গোট আৰু মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰ’ৱে যৌথভাৱে নিশা এই অভিযান চলায়। অভিযানত আটক হোৱা লোককেইজনৰ সৈতে পাকিস্তানী নাওখন অধিক অনুসন্ধানৰ বাবে পোৰবন্দৰলৈ লৈ অহা হয়। উল্লেখযোগ্য যে, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ লগতে আন সংস্থাসমূহে বিগত তিনি বছৰৰ ভিতৰত চলোৱা অভিযানসমূহৰ ভিতৰত এয়া একাদশ সফলতা।
Assamese | April 29, 2024 6:35 PM | DRUGS SEIZED | GUJRAT
গুজৰাটৰ পোৰবন্দৰত পাকিস্তানী নাৱৰ পৰা ৬০০ কোটি টকা মূল্যৰ ৮৬ কিলোগ্রাম মাদক দ্রব্য জব্দ, ১৪জন লোকক গ্ৰেপ্তাৰ