গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্দৰ্ভত আলোচনা চক্র আৰু বক্তৃতা অনুষ্ঠানৰ আজি সামৰণি পৰে। বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শৈলেন ভৰালীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে। সাহিত্যিকগৰাকীয়ে সতীর্থ সমাজৰ সুন্দৰৰ পূজাৰীলৈ শ্রদ্ধার্ঘ্য শীর্ষক স্মৃতি গ্রন্থখন উন্মোচন কৰে। অনুষ্ঠানত বিশিষ্ট শিল্পী কমল কটকীয়ে ড০ ভূপেন হাজৰিকা বিষয়ত মূল বক্তৃতা প্রদান কৰে। আনহাতে বিশিষ্ট অভিনেতা বোহী শৰ্মাই জুবিন গাৰ্গৰ বিষয়ে মূল বক্তৃতা প্রদান কৰে।
Assamese | November 18, 2025 7:56 PM | Guwahati unversity
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সতীৰ্থ সমাজৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্র আৰু বক্তৃতা অনুষ্ঠানৰ সামৰণি