ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে তৃতীয় বৰ্গৰ পদৰ বাবে অসমৰ উচ্চতৰ মাধ্যমিক স্তৰৰ ৩ হাজাৰ ১২৭টা পদৰ লিখিত পৰীক্ষা অহা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলে অহা ২ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাৰ পৰা অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org অথবা ৰাজ্য চৰকাৰৰ ৱেবছাইট www.assam.gov.in যোগে পৰীক্ষাৰ প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব। লিখিত পৰীক্ষাৰ দিনা প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰ প্ৰদৰ্শন কৰাৰ লগতে প্ৰৱেশ পত্ৰত সন্নিবিষ্ট নির্দেশনাসমূহ মানি চলিবলৈ জাননীখনত উল্লেখ কৰা হৈছে। একেদৰে কোনো কাৰিকৰী সহায়ৰ বাবে প্রার্থীসকলক 95823-90056 টোল ফ্রী নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে।
Assamese | August 27, 2024 11:01 AM | grade 3 exam 15 september
ৰাজ্যত ১৫ ছেপ্টেম্বৰত হ’ব তৃতীয় বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা