গোলাঘাটৰ চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থী নিয়মীয়াকৈ বিদ্যালয়লৈ যোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে জিলা প্রশাসন-শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ

গোলাঘাট জিলাৰ চাহ বাগিছা অঞ্চলৰ শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ বিদ্যালয়লৈ যোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে জিলা প্রশাসন তথা শিক্ষা বিভাগৰ উদ্যোগত বিশেষ পদক্ষেপ লোৱা হৈছে। জিলাখনত চলিত বৰ্ষত ১১খন বিদ্যালয়ৰ বাবে সমগ্র শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা কৰা হৈছে। আজি আনুষ্ঠানিকভাৱে এই যাতায়াত সেৱাৰ শুভাৰম্ভ কৰা হয়। এই পদক্ষেপৰ অধীনত জিলাখনৰ প্ৰায় ২৫খন বাগিছাৰ ১১খন বিদ্যালয়ৰ ৪৮০ গৰাকী শিক্ষাৰ্থী বিনামূলীয়াকৈ যাতায়াতৰ সুবিধা প্ৰদান কৰা হ’ব।

দূৰণিবটীয়া ছাত্র-ছাত্রীসকলে কোনো অসুবিধা নোহোৱাকৈ নিৰাপদে বিদ্যালয়লৈ অহা-যোৱাৰ সুবিধা লাভৰ ফলত তেওঁলোকৰ উপস্থিতি নিয়মীয়া হ’ব বুলি আশা কৰা হৈছে ।