July 29, 2025 7:26 PM | golaghat eviction

printer

গোলাঘাটৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান, ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য

গোলাঘাটৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি পুৱা আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগে উচ্ছেদ অভিযান চলাইছে। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিযানত দুহেজাৰ ৬০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰশাসনে অঞ্চলটোত উচ্ছেদৰ বাবে এশৰো অধিক এক্সকেভেটৰ ব্যৱহাৰ কৰিছে। বন বিভাগৰ জাননী পোৱাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে।

উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰী বিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক কালিৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকিয়াই দিছিল। ইপিনে, মেৰাপানীৰ সমীপৰ দুই নম্বৰ নেঘেৰিবিল গাঁৱতো উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে।

নগাঁও জিলাতো হাতীচোং মৌজাৰ দুটা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি ত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।