প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্রপ্রদেশৰ বিশাখাপট্টনমত গুগল এ আইৰ হাব এটা মুকলি কৰাৰ বাবে সন্তুষ্টি প্রকাশ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত তেওঁ কয়, যে এই ব্যৱস্থাই আমাৰ নাগৰিকসকলক অত্যাধুনিক প্রযুক্তিৰ সৈতে পৰিচয় কৰি দিয়াৰ উপৰিও ডিজিটেল অর্থনীতিৰ দিশত দেশখনক আগুৱাই নিয়াৰ দিশত বিশেষ ভূমিকা গ্রহণ কৰিব। গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া সুন্দৰ পিচাইয়ে দিয়া এটা বাৰ্তাৰ প্ৰতিক্রিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই বিনিয়োগে গিগাৱাট স্কেল তথ্য কেন্দ্র আন্তঃগাঁথনিক অন্তর্ভুক্ত কৰিছে, যিয়ে দেশখনক বিকশিত ভাৰতৰ দিশে আগুৱাই নিব।
Assamese | October 14, 2025 8:21 PM | goggle hub
অন্ধ্রপ্রদেশৰ বিশাখাপট্টনমত গুগল এ আইৰ হাব এটা মুকলি প্রধানমন্ত্রীৰ