July 25, 2026 12:37 PM | goalpara farmer

printer

গোৱালাপাৰত ৰাজসাহায্যৰে তৈল খেজুৰৰ খেতি কৰি ৪৫০গৰাকী খেতিয়ক লাভৱান্বিত

গোৱালাপাৰ জিলাৰ ৪৫০গৰাকী খেতিয়কে ৰাজসাহায্যৰ জৰিয়তে তৈল খেজুৰৰ খেতি কৰি বিশেষভাৱে লাভৱান হৈছে। জিলা কৃষি বিভাগৰ তৎপৰতাত ২০২২ চনৰ পৰা তৈল খেজুৰ বহিঃৰাজ্যলৈ ৰপ্তানি হৈ আহিছে।

জিলাখনৰ দুধনৈ আৰু আগিয়া বিক্ৰী কেন্দ্ৰৰ পৰা কালি ২০ মেট্রিকটন তৈল খেজুৰ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে, ২০১৫ চনৰ পৰাই গোৱালপাৰা জিলাত তৈল খেজুৰৰ খেতি আৰম্ভ হৈছে। জিলা কৃষি বিভাগে এই ক্ষেত্ৰত খেতিয়কসকলক যথেষ্ট সহায় কৰাৰ লগতে বিক্ৰীৰ ক্ষেত্ৰতো সহায় কৰি আহিছে