গোৱাৰ ৰাজধানী পানাজীত চলি থকা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব৷ আজি অন্তিম দিনা যুৱপ্ৰজন্ম আৰু চিনেমা বিষয়ত কলা একাডেমীত এখন আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে চেক-ইংৰাজী আৰু জাৰ্মান ভাষাত নিৰ্মিত বহদান শ্লামাই পৰিচালনা কৰা ড্রাই চিজন শীর্ষক চিনেমাখন সামৰণি চিনেমা হিচাপে প্ৰদৰ্শন কৰা হ’ব। উল্লেখযোগ্য যে, চলিত বছৰত অসমীয়া ভাষাৰ তিনিখন চিনেমা ভাৰতীয় পেনোৰমালৈ নিৰ্বাচিত হৈছিল । ইয়াৰ ভিতৰত যদুমণি দত্তই পৰিচালনা কৰা জুইফুল ছবিখন ইউনেস্ক’ গান্ধী মেডেলৰ কাৰণে প্ৰতিযোগিতা শিতানত অৱতীৰ্ণ হৈছে। ইয়াৰ উপৰি ৰাজেশ ভূঞাৰ পৰিচালনাৰ স্বৰ্গৰথ ২৫ বছৰৰ বিৰতিত অসমৰ পৰা মূলসুঁতিৰ শাখালৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে ববী শৰ্মা বৰুৱাৰ ৰ‘দৰ পাখিও ভাৰতীয় পেনোৰমাত প্ৰদৰ্শন কৰা হয়৷ অসমৰ কেনী বসুমতাৰীৰ পৰিচালনাৰে এন এফ ডি চিৰ প্ৰযোজনাৰ বড়ো ভাষাৰ বিবো বিনানাও নামৰ চিনেমাখনো মহোৎসৱত প্ৰদৰ্শিত হয়। চুটি ছবি শিতানত ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিচন প্ৰতিষ্ঠানৰ প্ৰযোজনাৰে চাঞ্চোচিয়া শীর্ষক চিনেমাখন ভাৰতীয় পেনোৰমালৈ নিৰ্বাচিত হয়।
Assamese | November 28, 2024 12:02 PM | goa iffi
গোৱা অনুষ্ঠিত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি অন্তিম দিন