বিশ্ব বেডমিণ্টন ফেডাৰেচনে অহা ৬ৰ পৰা ১১ অক্টোবৰলৈ গুৱাহাটীৰ আমিনগাঁৱৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ সাধন কেন্দ্ৰত হ’বলগীয়া বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৫ৰ সূচী ঘোষণা কৰিছে । সুহান্দিনাটা কাপ Mixed Team Event হিচাপে পৰিচিত এই প্ৰতিযোগিতাত মুঠ ৩৭ খন দেশে দলীয় শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহক মুঠ ৮ টা গ্ৰুপত ভাগ কৰা হৈছে । আয়োজক দেশ ভাৰতক হংকং, চীন, নেপাল আৰু ঘানাৰ সৈতে গ্ৰুপ H-ত স্থান দিয়া হৈছে। প্রতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটো বাছনি কৰিবলৈ আজিৰেপৰা গুৱাহাটীত দলৰ শিবিৰ আৰম্ভ হৈছে। ১৩ আগষ্টত এই শিবিৰৰ সামৰণি পৰিব। চলিত বৰ্ষৰ এছিয়া জুনিয়ৰ চেম্পিয়নশ্বিপত পদক লাভ কৰা খেলুৱৈসকলে প্ৰত্যক্ষভাৱে ভাৰতীয় দলত স্থান লাভ কৰিব। বাকী খেলুৱৈসকলক গুৱাহাটীৰ শিবিৰৰ পৰা বাছনি কৰা হ’ব। মিক্সড দলীয় সুহান্দিনাটা কাপৰ পাছতেই গুৱাহাটীত ১৩ৰ পৰা ১৯ অক্টোবৰলৈ BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ একক শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
Assamese | August 9, 2025 11:07 PM | ghy badminton
গুৱাহাটীৰ হ’বলগীয়া বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৫ৰ সূচী ঘোষণা