যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈৱে কালি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীক সাক্ষাৎ কৰে। সংসদত চলিত বৰ্ষাকালীন অধিৱেশনৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসমৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱনতিৰ বিষয়ে আলোচনা কৰে। আলোচনাকালত সাংসদগৰাকীয়ে যোৰহাটৰ পৰা জাঁজীলৈ আৰু ডিব্ৰুগড়ৰ পৰা আগলৈ ঘাইপথটোৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও তিনিবাৰকৈ বাতিল হোৱাৰ কথা জনায়। সাংসদ গগৈয়ে নিবিদা প্ৰক্ৰিয়াৰ চতুৰ্থ পৰ্যায়ত ইতিবাচক ফলাফলৰ আশাৰে শ্ৰীগাডকাৰীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে।
Assamese | July 25, 2024 5:48 PM | Gaurav Gogoi
নিতিন গাডকাৰীক সাক্ষাৎ সাংসদ গৌৰৱ গগৈৰ