বিশেষ ন্যায়াধীশৰ আদালতে আজি অসম মীন উন্নয়ন নিগমত সংঘটিত কেলেংকাৰিৰ গোচৰত অভিযুক্ত প্রাক্তন বিষয়া পদ্মকান্ত হাজৰিকাৰ জামিন আবেদন নাকচ কৰে। আদালতে আন তিনিজন অভিযুক্ত প্রাক্তন বিষয়া নৰেন চন্দ্ৰ বসুমতাৰী, বিৰিঞ্চি অধিকাৰী আৰু জ্যোতিষ শইকীয়াৰ জামিনৰ ৰায় সংৰক্ষিত ৰাখে ।
উল্লেখযোগ্য যে মীন উন্নয়ন নিগমৰ কেইবা কোটিটকীয়া কেলেংকাৰীৰ গোচৰত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে মীন নিগমৰ মুঠ ৯গৰাকী বিষয়াক নিলম্বিত কৰিছিল।