নতুন দিল্লীত আজি চিকিৎসা বৃত্তিৰে জড়িত লোকৰ সুৰক্ষাৰ বাবে গঠিত ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ প্ৰথমখন বৈঠক

চিকিৎসা বৃত্তিৰ সৈতে জড়িত লোকসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু অনুকূল কৰ্মস্থানৰ পৰিৱেশ সুনিশ্চিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰা ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ প্ৰথমখন বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হ’ব। ভাৰত চৰকাৰৰ কেবিনেট সচিবৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হ’ব। এই টাস্ক ফৰ্চত কেন্দ্ৰীয় গৃহ সচিব, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ ভাইচ এডমিৰেল ডাঃ আৰ চাৰিন, এইমছৰ সঞ্চালক ডাঃ এ শ্ৰীনিৱাস আৰু স্নায়ু ৰোগ বিভাগৰ প্ৰাক্তন অধ্যাপক ডাঃ পদ্মা শ্রীবাস্তৱক সদস্য হিচাপে অন্তর্ভুক্ত কৰা হৈছে। কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে চিকিৎসা বৃত্তিৰ সৈতে জড়িত লোকসকলৰ সুৰক্ষাৰ বাবে এই টাস্ক ফৰ্চ গঠন কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে অহা তিনি সপ্তাহৰ ভিতৰত টাস্ক ফৰ্চক অন্তৱৰ্তীকালীন প্রতিবেদন আৰু দুমাহৰ ভিতৰত চূড়ান্ত প্রতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে।