প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে FIH হকী নেচন কাপ জয় কৰাৰ বাবে ভাৰতৰ মহিলা হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্র প্রতিযোগিতাত দলটোৰ উন্নত প্ৰদৰ্শনৰ বাবে উচ্চ প্রশংসা কৰে।
তেওঁ কয় যে এই বিজয়ে দেশৰ বহু যুৱ খেলুৱৈক হকী খেলৰ প্ৰতি অনুপ্রাণিত কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে দলটোক ভৱিষ্যতৰ সফলতাৰ বাবেও শুভকামনা জনায়।