অহা ৯ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাটবিহু অনুষ্ঠিত হ’ব। প্ৰথমদিনাৰ কাৰ্যসূচী মতে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন কৰাৰ লগতে বিহু দলসমূহক আদৰণি জনোৱা হ’ব। দ্বিতীয় দিনা কপৌ ফুল আৰু অন্য গছৰ পুলি ৰোপণ কৰা হ’ব। দিনৰ ভাগত গামোচা প্রতিযোগিতা অনুষ্ঠিত হ’ব। সেইদিনাই হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ বিহুৱান উন্মোচন কৰা হ’ব। বিশিষ্ট কবি, সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° কৰবী ডেকা হাজৰিকাই স্মৰণিকা উন্মোচন কৰিব। ১১ মে’ত অর্থাৎ অন্তিম দিনা বর্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। এই শোভাযাত্ৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী তথা অভিনেত্রী মেঘৰঞ্জনী মেধিয়ে উদ্বোধন কৰিব। ইয়াৰ পাছতে ফাটবিহুৰ নিজা বৈশিষ্টপূৰ্ণ গছতলৰ মুকলি বিহু প্রতিযোগিতা অনুষ্ঠিত হ’ব। ফাটবিহুৰ বিভিন্ন অনুষ্ঠানত ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, মন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা তথা অসম বিধানসভাৰ সচিব দুলাল পেগুৱে অংশগ্ৰহণ কৰিব ।
Assamese | May 5, 2025 1:15 PM | Dhakuwakhana
অহা ৯ মে’ৰ পৰা ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাটবিহু