কৃষক কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শিৱসাগৰ জিলাৰ কৃষকসকলক শস্য বীমা কৰাবৰ বাবে জিলা কৃষি বিভাগে আহ্বান জনাইছে। এই আঁচনিৰ অধীনত শস্য বীমা কৰোৱা কৃষকসকলৰ শস্য, প্রাকৃতিক দুর্যোগ অথবা কীট-পতংগই অনিষ্ট কৰিলে তেওঁলোকক ইয়াৰ ক্ষতিপূৰণ দিয়া হ‘ব। এই আঁচনিৰ অধীনত মাত্ৰ এশ টকাত ১ হেক্টৰ কৃষি ভূমিৰ শস্য বীমা কৰিব পাৰিব বুলি জিলা কৃষি বিভাগে প্রকাশ কৰিছে। উল্লেখযোগ্য যে কৃষকসকলে শালি খেতিৰ বাবে ৩১ জুলাই পর্যন্ত পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়নৰ বাবে আধাৰকাৰ্ড, মাটিৰ খাজনা ৰচিদ, বেংক পাছবুক আৰু ম‘বাইল নম্বৰ থকাটো প্ৰয়োজনীয় বুলি কৃষি বিভাগে জানিবলৈ দিছে। জিলাখনত এছ বি আই সাধাৰণ বীমা কোম্পানীৰ দ্বাৰা শস্য বীমা কৰোৱা হ‘ব। জিলাখনত এইবছৰ খাৰিফ শস্যৰ বাবে ২৬ হাজাৰ ৫০০ টা পঞ্জীয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
Assamese | May 29, 2025 12:59 PM | pm fasal bima yojana 2025-26
শিৱসাগৰ জিলাৰ কৃষকসকলক শস্য বীমা কৰাবৰ বাবে জিলা কৃষি বিভাগৰ আহ্বান