বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে নিউয়র্কত থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশ লোৱাৰ সুযোগতে ব্রাজিলৰ বিদেশ মন্ত্ৰী মাউৰো ভিয়েৰা, দক্ষিণ আফ্ৰিকাৰ মহিলা যুৱ আৰু দিব্যাংগ দপ্তৰৰ মন্ত্ৰী সিন্দিছুৱে চিকুংগাৰ সৈতে বৈঠকত মিলিত হয়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ত্ৰয়োদশ ভাৰত, ব্রাজিল, দক্ষিণ আফ্রিকা ত্রিপাক্ষিক বৈঠকত দেশ দুখনৰ মন্ত্ৰী দুগৰাকীয়ে অলপতে জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰা বৰ্বৰ ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে। তেওঁলোকে সকলো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ তথা সন্ত্ৰাসবাদ কোনো কাৰণ নোহোৱাকৈ প্ৰত্যাহ্বান জনোৱা, সন্ত্ৰাসবাদৰ ক্ষেত্ৰত শূন্য সহনশীলতা আৰু সন্ত্ৰাসবাদী কার্যকলাপ প্রতিহত কৰাৰ ক্ষেত্ৰত দুমুখীয়া স্থিতি গ্ৰহণ নকৰি ইয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সকলো ধৰণৰ ব্যৱস্থা সম্পূৰ্ণৰূপে গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিৰ্দিষ্ট পৰিকাঠামোৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ উমৈহতীয়া সন্মিলন আয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে ৰাষ্ট্ৰসংঘই এই ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। আন্তঃৰাষ্ট্ৰীয় মান অনুযায়ী সন্ত্রাসবাদীক পুঁজি যোগানৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীকেইগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ তালিকাভুক্ত সকলো সন্ত্রাসবাদী গোট বিশেষকৈ অলকায়দা, আইছিছ, লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইউক্রেইন সংঘাটৰ ওপৰতো তেওঁলোকে আলোচনা কৰে।
Assamese | September 27, 2025 8:24 PM | Brazil Foreign Affairs Minister | External Affairs Minister Dr S Jaishankar
ব্রাজিলৰ বিদেশ মন্ত্ৰী, দক্ষিণ আফ্ৰিকাৰ মহিলা যুৱ আৰু দিব্যাংগ দপ্তৰৰ মন্ত্ৰীৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক