কংগ্ৰেছ দলৰ সম্প্ৰসাৰিত কাৰ্যকৰী কমিটীয়ে সর্বসন্মতিক্রমে প্ৰস্তাৱ গ্ৰহণ কৰি ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী পক্ষৰ নেতাৰ ভূমিকা পালন কৰিবলৈ অনুৰোধ জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত কংগ্ৰেছ দলৰ কাৰ্যকৰি কমিটীৰ বৈঠকৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি দলৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপালে কয় যে, কাৰ্যকৰী কমিটীয়ে ৰাহুল গান্ধীৰ নেতৃত্বত শক্তিশালী আৰু সতৰ্ক বিৰোধীৰ গঠন হ’ব বুলি বিশ্বাস কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে, সদ্যসমাপ্ত নিৰ্বাচনৰ পৰা দলে নতুন শক্তি লাভ কৰিছে। তেওঁ কয় যে, কংগ্ৰেছে নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত দলৰ প্ৰদৰ্শনৰ পুংখানুপুংখ বিশ্লেষণ কৰিব। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেই বৈঠকৰ আৰম্ভণিতে প্রতিকূল পৰিস্থিতি সত্ত্বেও নির্বাচনী যুঁজত অৱতীৰ্ণ হৈ জয়লাভ কৰা দলৰ নৱ-নির্বাচিত সদস্যসকলক অভিনন্দন জনায়। তেওঁ কয় যে, কংগ্ৰেছে ন্যায় যাত্ৰা আৰম্ভ কৰা মণিপুৰৰ দুয়োখন আসনতে জয়লাভ কৰিছে আৰু নাগালেণ্ড, অসম, মেঘালয়তো ভাল প্ৰদৰ্শন দেখুৱাবলৈ সমৰ্থ হৈছে। কংগ্ৰেছ দলে গণতন্ত্ৰ আৰু সংবিধানৰ ৰক্ষাৰ বাবে সমগ্ৰ দেশত জনসাধাৰণৰ পৰা যথেষ্ট সমর্থন লাভ কৰিছে বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। শ্ৰী খাৰ্গে কয় যে, দলে আই এন ডি আই মিত্ৰজোঁটৰ সহযোগী দলসমূহৰ সৈতে সংসদৰ বাহিৰে ভিতৰে ঐক্যবদ্ধভাৱে কাম কৰিব। বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গে, জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ৱাদ্রাকে ধৰি দলীয় নেতাসকল উপস্থিত থাকে।
Assamese | June 8, 2024 9:10 PM | Extended Congress Working Committee meeting held in Delhi today
লোকসভাৰ বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীক সৰ্বসন্মতিক্ৰমে বাছনি