তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্রী এল মুৰুগনে আজি মুম্বাই আন্তঃৰাষ্ট্ৰী চলচ্চিত্ৰ মহোৎসৱত এই বুলি ঘোষণা কৰে যে, চেন্নাইৰ বঁটা বিজয়ী, প্রখ্যাত বন্যপ্রাণী চলচ্চিত্র নির্মাতা চুবিয়া নাল্লামুথুক এইবাৰৰ আটাইতকৈ অভিলাষপূৰ্ণ ভি শান্তিৰাম জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হ’ব। তেওঁ লিভিং অন দ্য এজ নামৰ আটাইতকৈ দীৰ্ঘদিনীয়া বন্যপ্ৰাণী ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণ কৰিছিল। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী মুৰুগনে কয় যে, এই বছৰ প্ৰথমবাৰৰ বাবে এখন তথ্যচিত্র চলচ্চিত্ৰ বজাৰৰ আয়োজন কৰা হৈছে। তেওঁ আৰু লগতে কয় যে, ইয়াৰ দ্বাৰা ছবি নির্মাতাসকলক তেওঁলোকৰ প্ৰকল্পৰ বাবে ক্রেতা, পৃষ্ঠপোষকতা আৰু সহযোগী বিচাৰি উলিওৱাৰ মঞ্চ প্ৰদান কৰা হ’ব আৰু ছবি নিৰ্মাণ বৃদ্ধি কৰাত সহায়ক হ’ব। শ্ৰী মুৰুগনে লগতে এম আই এফ নেচনেল জিঅ’গ্ৰাফিক তথ্যচিত্র বিলি এণ্ড ম’লি : এন অ’টাৰ লাভ ষ্ট’ৰীৰ মুকলি ছবিতো অংশগ্ৰহণ কৰে।
Assamese | June 15, 2024 9:31 PM | eve mumbai miff
চেন্নাইৰ বঁটা বিজয়ী, প্রখ্যাত বন্যপ্রাণী চলচ্চিত্র নির্মাতা চুবিয়া নাল্লামুথুলৈ ভি শান্তিৰাম জীৱনজোৰা কৃতিত্ব বঁটা