তুৰস্কই যোৱা নিশা জাৰ্মানীত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াক ২-১ গ’লত পৰাস্ত কৰি ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্রবেশ কৰে। তুৰস্কৰ ডিফেণ্ডাৰ মেৰিহ ডেমিৰলে খেল আৰম্ভ হোৱাৰ মাত্ৰ ৫৭ ছেকেণ্ড পাছতে প্ৰথমটো গ’ল দিয়ে। ইয়াৰ লগে লগে ডেমিৰলে ইউৰোপীয় চেম্পিয়নশ্বিপৰ নক-আউট পৰ্যায়ৰ ইতিহাসত দ্ৰুততম গ’ল দিয়াৰ অভিলেখ গঢ়ে। খেলুৱৈগৰাকীয়ে ৫৯ মিনিটত দ্বিতীয়টো গ’ল দিয়ে। অষ্ট্ৰিয়াৰ হৈ মাইকেল গ্রেগোৰিছে একমাত্র গলটো দিয়ে। তুৰস্কই দেওবাৰে কোৱাৰ্টাৰ ফাইনেলত নেডাৰলেণ্ডছৰ সন্মুখীন হ’ব।
Assamese | July 3, 2024 12:50 PM | Euro Cup 2024
তুৰস্ক ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্রৱেশ