চলিত ইউৰো কাপ ফুটবল প্রতিযোগিতাত আজি দুখনকৈ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ’ব। নিশা চাৰে ৯ বজাত হ’বলগা প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত দুই প্রাক্তন বিশ্ব চেম্পিয়ন জার্মানী আৰু স্পেইন মুখামুখি হোৱাৰ বিপৰীতে নিশা চাৰে ১২ বজাত হ’বলগা আন এখন কোৱাৰ্টাৰ ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন ফ্ৰান্সে ইউৰো কাপৰ চেম্পিয়ন পৰ্টুগালৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে প্রি কোৱাৰ্টাৰ ফাইনেলত ফ্রান্সে একমাত্র গলত বেলজিয়ামক পৰাস্ত কৰিছিল। আনহাতে পর্তুগালে ট্রাই বেকাৰত শ্ল’ভেনিয়াক পৰাস্ত কৰিছিল। ইপিনে প্রতিযোগিতাৰ আয়োজক জার্মানী প্ৰি কোৱাৰ্টাৰ ফাইনেলত ২-০ গলৰ ব্যৱধানত ডেনমার্কক পৰাস্ত কৰাৰ বিপৰীতে স্পেইনে নক আউট খেলত ৪-১ গলৰ ব্যৱধানত জর্জিয়াক পৰাস্ত কৰিছিল।
Assamese | July 5, 2024 12:47 PM | Euro Cup 2024
ইউৰো কাপ ফুটবল প্রতিযোগিতাত আজি জার্মানী স্পেইনৰ মুখামুখি আৰু ফ্ৰান্স পৰ্টুগালৰ মুখামুখি