চলিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ অহা ৫ জুলাইত হ’বলগা প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত দুটা প্রাক্তন বিশ্ব চেম্পিয়ন দল জার্মানী আৰু স্পেইন পৰস্পৰৰ মুখামুখি হ’ব। ইফালে, সেইদিনাই হ’বলগা আন এখন কোৱাৰ্টাৰ ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন ফ্রান্সে ইউৰো কাপৰ চেম্পিয়ন পৰ্টুগালৰ বিৰুদ্ধে খেলিব। ইংলেণ্ড অহা ৬ জুলাইত হ’বলগা কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ মুখামুখি হোৱাৰ বিপৰীতে অন্তিমখন কোৱাৰ্টাৰ ফাইনেল নেডাৰলেণ্ডছ আৰু তুৰস্কৰ মাজত অনুষ্ঠিত হ’ব।
Assamese | July 3, 2024 1:17 PM | Euro Cup 2024
ইউৰো কাপৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত জার্মানী স্পেইনৰ মুখামুখি