কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে (ই এছ আই চি) উত্তৰ প্ৰদেশৰ অতিৰিক্ত ১৫ খন জিলাক কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত সামৰি ল’ব বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মন্দাভিয়াই ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হোৱা অতিৰিক্ত জিলাকেইখনৰ ভিতৰত আম্বেদকাৰ নগৰ, অওৰাইয়া, গোন্দা, হামিৰপুৰ, জানাউন, কনৌজ, মহাৰাজগঞ্জ আৰু প্ৰতাপগড় আদি অন্যতম। মন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াকে লৈ উত্তৰ প্ৰদেশৰ ৭৫ খন জিলাৰ ভিতৰত মুঠ ৭৪ খন জিলাক এতিয়া এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। ইয়াৰ জৰিয়তে ৩০ লাখৰো অধিক বীমাকৃত লোক আৰু ১ কোটি ১৬ লাখৰো অধিক হিতাধিকাৰী উপকৃত হ’ব বুলি আশা কৰা হৈছে। এই পদক্ষেপে দেশৰ প্ৰতিগৰাকী যোগ্য কৰ্মচাৰীক সামাজিক নিৰাপত্তা ব্যৱস্থাৰে সামৰি লোৱাৰ চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাকেই প্রতিফলিত কৰিছে। এই আঁচনিৰ অধীনত বাকী ৰৈ যোৱা জিলাসমূহকো সামৰি লোৱাৰ বাবে প্রচেষ্টা অব্যাহত আছে বুলি শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে লগতে প্রকাশ কৰিছে।
Assamese | March 26, 2025 1:25 PM | ESIC Expands Coverage in Uttar Pradesh 15 More Districts Notified Under ESI Scheme
উত্তৰ প্ৰদেশৰ অতিৰিক্ত ১৫ খন জিলাক কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত সামৰি ল’বঃ কেন্দ্ৰীয় মন্ত্রী ড০ মনসুখ মন্দাভিয়া