ৰাজ্যৰ বন বিভাগে বিগত বছৰত কৰা হস্তী গণনাৰ তথ্য অনুসৰি ৰাজ্যখনত হাতীৰ সংখ্যা ৫,৮২৮লৈ বৃদ্ধি হৈছে। মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি বন বিভাগৰ এই কৃতিত্বৰ বাবে শলাগ লয়। তেওঁ কয়, যে পূর্বে হাতীৰ সংখ্যা ৫,৭১৯ আছিল। এইবাৰৰ পিয়ল অনুসৰি মুঠ হাতীৰ ৩৬ শতাংশ প্রাপ্তবয়স্ক মাখুন্দি বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে অসমক হস্তীৰ বাবে অনুকূল কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে এইক্ষেত্ৰত চলাই অহা নিৰন্তৰ প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে।
Assamese | January 2, 2025 6:30 PM | elephant counting
হস্তী গণনাৰ তথ্য অনুসৰি ৰাজ্যখনত হাতীৰ সংখ্যা ৫,৮২৮লৈ বৃদ্ধি