May 31, 2024 12:21 PM | 7th Phase Election

printer

লোকসভা নির্বাচনৰ সপ্তম পৰ্যায়ত কাইলৈ ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ সমষ্টিত ভোটগ্রহণ

অষ্টাদশ লোকসভা নির্বাচনৰ কাইলৈ সপ্তম পৰ্যায়ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত মুঠ ৯০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কাইলৈ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ’বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চান্নী, প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰাৎ কৌৰ বাদল, আৰ জে দি নেতা লালুপ্রসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, অভিনেত্রী কংগনা ৰাণাৱট আদি।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।