পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত হোৱা ভোটগ্ৰহণৰ সময়ত ব্যাঘাত জন্মা ৫ খন জিলাৰ মুঠ ৪৪ টা কেন্দ্ৰত কালি হোৱা পুনৰ ভোটগ্রহণ ৭৮. ১-০ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ২ মে’ত হোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত বিক্ষিপ্ত ঘটনা, বেলট বিসংগতিকে ধৰি বিভিন্ন কাৰণত এই কেন্দ্রকেইটাত ভোটগ্রহণ স্থগিত ৰখা হৈছিল।
পুনৰ ভোটগ্রহণ হোৱা কেন্দ্ৰকেইটাৰ ভিতৰত হাইলাকান্দি জিলাৰ সৰ্বাধিক ৩২টা, শ্রীভূমিৰ ৮টা, লখিমপুৰত ২টা, গোলাঘাট আৰু মাজুলীৰ এটাকৈ কেন্দ্ৰ আছে। হাইলাকান্দি জিলাত প্রায় ৭১ শতাংশ ভোটদান হয় বুলি জানিব পৰা গৈছে। জিলাখনত ভোটগ্রহণ সামগ্ৰিকভাৱে শান্তিপূর্ণ আছিল।
শ্রীভূমি জিলাত ৮টা ভোটগ্রহণ কেন্দ্ৰত কালি শান্তিপূর্ণভাৱে পুনৰ ভোটগ্ৰহণ কৰা হয়। জিলাখনত ৬৬. ৮ – ৮ শতাংশ ভোটদান হয়। মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শান্তিপূর্ণভাৱে ভোটগ্ৰহণ কৰা হয়। আমাৰ সংবাদদাতাই জনোৱা মতে কেন্দ্ৰটোত ৮৮. ১-৬ শতাংশ ভোটদান হৈছে। গোলাঘাটৰ মহুৰা জিলা পৰিষদৰ দিচৈ গাঁও পঞ্চায়ত ৭ নম্বৰ ৱাৰ্ডৰ বাবে গুটুং প্রাথমিক বিদ্যালয়ত অনুষ্ঠিত ভোটগ্ৰহণত ৮৫.৭ – ৬ শতাংশ ভোটদাতাই ভোটদান কৰে। লখিমপুৰত ৭৯. ১-৬ শতাংশ ভোটদান হয় বুলি প্ৰকাশ কৰা হৈছে।
Assamese | May 5, 2025 12:38 PM | Panchyat election
পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্রহণ হোৱা ৪৪ টা কেন্দ্ৰত প্ৰায় ৭৮. ১ শতাংশ ভোটদান