May 14, 2024 8:42 PM | ECI LECTION CASE

printer

নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি

নির্বাচন আয়োগে নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলে দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি কৰিছে আৰু কংগ্ৰেছ তথা বিজেপিৰহে কেইটামান অভিযোগ বিচাৰাধীন হৈ আছে। আয়োগে এটা বিবৃতিত কয় যে, এই সময়ছোৱাত ৪২৫টা গুৰুতৰ অভিযোগ লাভ কৰিছিল। ইয়াৰ ভিতৰত ৪০০টা নিষ্পত্তি কৰাৰ লগতে প্ৰয়োজনীয় কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। আয়োগে উল্লেখ কৰা মতে ১৭০টা অভিযোগ কংগ্ৰেছ দলে দাখিল কৰাৰ বিপৰীতে ৯৫টা অভিযোগ বিজেপিয়ে আৰু ১৬০টা অন্য ৰাজনৈতিক দলসমূহে দাখিল কৰিছিল। আয়োগে লগতে কয় যে, নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত কংগ্ৰেছ আৰু বিজেপিয়ে পৰস্পৰৰ বিৰুদ্ধে দাখিল কৰা কেইটামান অভিযোগ বিবেচনাধীন হৈ আছে। উল্লেখযোগ্য যে আয়োগে ইয়াৰ পূৰ্বে কেইবাগৰাকীও ৰাজনৈতিক নেতাক নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত ব্যক্তিগত জাননী জাৰি কৰিছে।