June 27, 2025 11:52 AM | Dhaka durga mandir

printer

ঢাকাত দুর্গা মন্দিৰ ভাঙি পেলোৱা কাৰ্যক তীব্ৰ গৰিহণা ভাৰত চৰকাৰৰ

ভাৰত চৰকাৰে বাংলাদেশৰ ঢাকাত দুর্গা মন্দিৰ ভাঙি পেলোৱা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে ঘটনাটোক অবৈধভাৱে ভূমি ব্যৱহাৰ কৰাৰ গোচৰ হিচাপে প্ৰক্ষেপ কৰি ধ্বংসৰ অনুমতি দিয়া পদক্ষেপক সমালোচনা কৰিছে ।

নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, ঢাকাৰ খিলখেটত থকা দুৰ্গা মন্দিৰ ভাঙি পেলোৱাৰ বাবে দুষ্কৃতিকাৰীয়ে হুলস্থুল কৰি আহিছিল। কিন্তু দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে মন্দিৰটোক নিৰাপত্তা প্ৰদান কৰাৰ পৰিৱৰ্তে এই বিষয়টোক অবৈধ ভূমি ব্যৱহাৰৰ গোচৰ হিচাপে প্ৰক্ষেপ কৰি মন্দিৰটো ধ্বংস কৰাৰ অনুমতি দিয়ে। ফলত মন্দিৰৰ উপাস্য দেৱতাৰ মূৰ্তি স্থানান্তৰ কৰাৰ পূৰ্বেই ক্ষতিসাধন হয়। বাংলাদেশত এনে ঘটনাৰ পুনৰাবৃত্তি হৈ থকাটো এটা অতি উদ্বেগৰ বিষয় আৰু হিন্দুসকলৰ জীৱন আৰু সম্পত্তি তথা তেওঁলোকৰ ধৰ্মীয় প্রতিষ্ঠানসমূহ সুৰক্ষিত কৰাটো বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে ৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে এই সপ্তাহৰ আৰম্ভণিতে দিনাজপুৰ জিলাত দুষ্কৃতিকাৰীয়ে মনসা আৰু দুৰ্গা মন্দিৰ ভাঙি পেলাইছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।