ৰে’লৱে আৰক্ষীয়ে আজি গুৱাহাটী ৰে’লৱে ষ্টেচনত অভিযান চলাই বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমর্থ হয়। নিউ তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছত চলোৱা তালাচীত ৰে’লৱে আৰক্ষীয়ে প্রায় ৪৪ কিলোগ্রাম ভাং জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেৰালাৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুযায়ী লোক দুজনে নিচাযুক্ত দ্ৰব্যখিনি গুৱাহাটীৰ পৰা বেংগালুৰুলৈ নিয়াৰ প্ৰচেষ্টা চলাইছিল। ইফালে কার্বি আংলং জিলাতো জিলা আৰক্ষীয়ে অভিযান চলাই লাহৰিজানত এখন বাহনৰ পৰা ৮৪৫ গ্ৰামৰো অধিক হেৰ’ইন জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। গোপন সূত্ৰ পম খেদি চলোৱা অভিযানত আৰক্ষীয়ে বাহনখনৰ গোপন চেম্বাৰত লুকুৱাই অনা হেৰ’ইনখিনি জব্দ কৰিবলৈ সমর্থ হয়। জব্দকৃত হেৰ’ইনখিনি মণিপুৰৰ পৰা গুৱাহাটীলৈ আনিবলৈ প্ৰচেষ্টা চলোৱা হৈছিল। আন্তঃৰাষ্ট্ৰীয় বজাত ইয়াৰ মূল্য প্রায় ২ কোটি টকা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷
Assamese | June 8, 2024 6:33 PM | DRUGS SEIZED
গুৱাহাটী ৰে’লৱে ষ্টেচনত বুজন পৰিমাণৰ ভাং জব্দ, কাৰ্বি আংলঙত হেৰ’ইনসহ দুজনক গ্ৰেপ্তাৰ